ভাৰতলৈ
উভতি আহি তেওঁ কিছুদিন ওকালতি কৰে। পিছত তেওঁ বাপুজীৰ ৰাজনৈতিক শিষ্য হয় আৰু দেশৰ
কামত আত্মনিয়োগ কৰে। দেশক স্বাধীন কৰিবলৈ আন্দোলন চলোৱাৰ অপৰাধত ইংৰাজ চৰকাৰে
তেওঁক কেবাবাৰো ফাটেক দিয়ে। ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰে।
তেওঁ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী পদত অধিষ্ঠিত হৈ আমৰণ সেই পদ শোভা
কৰিছিল।
জৱাহৰলাল
নেহৰু
এজন বিশ্ববিখ্যাত নেতা আৰু ভাল ৰাজনৈতিক পুৰুষ বুলি বিশ্বৰ সকলো দেশেই স্বীকাৰ
কৰিছিল। তেওঁ এজন সুলেখকো আছিল। তেওঁ লিখা “ভাৰত সম্ভেদ”
বিশ্বৰ ইতিহাসৰ জিলিঙনি ‘বাপেক জীয়েকলৈ লিখা
চিঠি’ আদি অমূল্য গ্ৰন্ধ। তেওঁ শিশু সকলক বৰ
ভাল পাইছিল আৰু মৰম কৰিছিল। তেওঁৰ এই শিশু প্ৰেমৰ বাবেই তেওঁৰ জন্ম দিৱস ১৪
নৱেম্বৰ তাৰিখো “শিশু দিৱস”
হিচাপে পালন কৰি হয়। ৰঙা গোলাপ তেওঁৰ অতি প্ৰিয় ফুল আছিল। সেয়েহে তেওঁৰ সমাধি
স্থান ‘শান্তি বনত’
এখো গোলাপ ফুলৰ বাগিচা পতা হৈছে। ১৯৬৪ চনৰ ২৭ মে’ তাৰিখে তিনি কুৰি
পোন্ধৰ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুত পৃথিৱীৰ সকলোৱে শোক পাইছিল। তেওঁৰ
একমাত্ৰ কন্যা শ্ৰীমতী ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল।
# Essay on Jawaharlal Nehru in Assamese || Jawaharlal Nehru Essay in Assamese || জৱাহৰলাল নেহৰু ৰচনা
No comments:
Post a Comment
Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।