বিহু আমাৰ জাতীয় উৎসৱ। সংস্কুত বিষুৱ শব্দৰ পৰা বিহু শব্দ হৈছে। আমি সকলে বছৰত তিনিটা বিহু পালন কৰো। সেই ৩ টা হল- কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহু।
কাতি
বিহুঃ- আহিন মাহৰ সেষ
তাৰিখত এই বিহু পালন কৰো। বছৰৰ বিহুৰ বিহুৰ পাতনি মেলে। এই সময়ত পথাৰবোৰ সেউজীয়া
ধানে সুৱনি কৰে। মানুহৰ খোৱা-লোৱা বয় বস্তুৰো অভাৱ। আনন্দ উৎসৱ কৰিবলৈও মানুহৰ সুবিধা নাই। সেইবাবে এই
বিহুত খোৱা লোৱাৰ ধুম নাই, আনন্দ-উৎসৱৰো মেলা নহয়। মাত্ৰ চোতালৰ মুখত আৰু
ধাননি পথাৰত চাকি বন্তি জ্বলায়, নাম কীৰ্ত্তন কৰে। ধাননি পথাৰত চাকি জ্বলাই আই
লক্ষ্মীক আদৰণি জনায়। এই বিহুৰ আন নাম কঙালি বিহু। কঙালি হলেও এই
বিহু অসমীয়াৰ মনত বৰ পৱিত্ৰ।
মাঘ
বিহুঃ- চাওঁতে চাওঁতে
পথাৰৰ ধানবোৰ পকে। খেতিয়ক সকলেও পথাৰত নানা শস্য চপায়। এই সময়ত অতি দুখীয়া
মানুহজনৰ ঘৰতো অলমপ হলেও খোৱা বস্তু জমা থাকে। এই সময়তে অসমীয়াই বছৰৰ দ্বিতীয়
বিহুটি পাতে। এই বিহু পুহ মাহৰ শেষ তাৰিখৰ পৰা মাঘ মাহৰ ২/৩ তাৰিখলৈ পালন কৰে। এই বিহুত
খোৱাৰ ধূম-ধাম বেছি। মানুহে নানা ৰকমৰ পিঠা-পনা, সন্দেশ পৰমান্ন আদি তৈয়াৰ কৰি
খায়। সামৰ্থ অনুসৰি বন্ধু-বান্ধৱকো নিমন্ত্ৰণ কৰি খুৱায়। সেয়েহে এই বিহুক ‘ভোগালি বিহু’ ও বোলে। ভোগালি বিহু সঁচাকৈ
ভোগৰেই উৎসৱ।
এই বিহুৰ আন এটা
বিশেষত্ব এই যে মানুহে মুকলি পথাৰত খেৰ নৰা আৰু শুকান কল পাত আদিৰে মেজি আৰু হাৰলি
ঘৰ(ভেলাঘৰ) সাজে। বিহুৰ আগদিনা ৰাতি হাৰলি ঘৰত গৈ ৰাইজে মিলিজুলি আনন্দেৰে ভোজ বাত
খায় আৰু নিশাটো উজাগৰে তাতে থাকে। এই নিশাক ‘উৰুকা’ৰ নিশা বোলে। দোমাহীৰ দিনা ৰাতি পুৱাই
গা-পা ধুই মেজি পাৰে। মাহ, চাউল, আদি দি অগ্নিক সেৱা কৰে। পিছত মানী লোকক সেৱা কৰি
জা-জলপান খায়।
বহাগ
বিহুঃ- চাঁওতে চাঁওতে বছৰে
মেলানি মাগে। এটা নতুন বছৰৰ সুচনা হয়। খেতিয়ক সকলোৰে এই সময়ত বিশেষ কাম-বন নাথাকে।
এনে সময়তে অসমীয়াই বছৰৰ শেষ বিহুটি পালন কৰে। এনে সময়তে ঋতুৰাজ বসন্তৰো আগমন হয়।
চাৰিওফালে গছ-লতাই নতুন সাজেৰে সাজদি প্ৰকৃতিত সজায়। সেয়েহে কি গাওঁ, কি নগৰ, সকলো
ঠাইতে মুকলি ঠাইত ৰাজহুৱাকৈ এই উৎসৱৰ আয়েজন কৰে। চ’ত
মাহৰ শেষ তাৰিখৰ পৰা বহাগ মাহৰ ৬ তাৰিখলৈ সাতদিন জুৰি এই বিহু পাতে।
প্ৰথম
বিহুৰ দিনা গৰু বিহু। সিদিনা গৰু, ছাগলী আদিক গা-পা ধুৱায়। লাউ, বেঙেনা আদি খুৱাই
গৃহস্থই সিবিলাকৰ দীৰ্ঘ জীৱন কামনা কৰে। গধুলি নতুন পঘাৰে বান্ধে। মানুহে গা-পা
ধুই ডাঙৰক সেৱা কৰে। ডাঙৰে সৰুক আশীৰ্ব্বাদ কৰে। পিছত জা-জলপান খায়। পিছদিনাৰ পৰা
মানুহে আমোদ প্ৰমোদ কৰে। বিহুৰীগীত, হুচৰীগীত, বিহুনাচ, আদি
এই বিহুৰ প্ৰধান বৈশিষ্ট্য। এই বিহুত খোৱা লোৱাতকৈ মানুহে আনন্দ কৰিহে ভাল
পায়। সেয়েহে এই বিহুক ৰঙালি বিহুও বোলে। এই বিহু আমাৰ(অসমীয়াৰ) ইমান
আদৰৰ আৰু ইমান মৰমৰ যে তলৰ গীত ফাঁকিৰ পৰাই বুজিব পাৰি।
“চ’তে
গৈ গৈ বহাগে পালেহি,
ফলিলে ভেবেলি লতা।
কৈ থাকোমানে ওৰকে
নপৰে,
আমাৰে বিহুটিৰ কথা॥”
এই
বিহুৰ পৰা পুৰণি বছৰক মানুহে বিদায় দিয়ে, নতুন বছৰক আকোঁৱালি লয়। প্ৰতি অসমীয়াই এই
বিহুত মৰম, চেনেহ আৰু আশীৰ্ব্বাদৰ চিন স্বৰূপে বিহুৱান লয়। বিহু
অসমীয়াৰ এতি চেনেহৰ, অতি হেপাহৰ। বিহুৱে ভ্ৰাতৃত্ব ভাবেৰে থাকিবলৈ আমাক
অনুপ্ৰেৰণা জগায়।
# Essay on Bihu in Assamese || Bihu Rachana || বিহু ৰচনা
No comments:
Post a Comment
Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।