কল এবিধ তৃণ জাতীয় গছ। ইয়াৰ ফলৰ নাম কল। এবাৰ ফল দিয়েই মৰে। এনে গছক ঔষধি গছ বোলে। কল গছ ১৩/১৪ হাত ওখ হয়।
উত্পত্তিঃ- গৰম দেশত কল গছৰ খেতি ভাল হয়। কল গছ
পুৰণি মুৰাৰ পৰা জন্মে। কল গছৰ গুৰিৰ পৰা সৰু সৰু পুলি ওলায়। ৰামকল নামৰ এবিধ কল
গুটিৰ পৰাও হয়।
সাধাৰণ
বৰ্ণনাঃ- কল গছৰ কোনো
ডাল নাই। গাটো দোনাৰে ঢকা। মূৰত দীঘল দীঘল কেইবাটাও পাত থাকে। কলগছ সাধাৰণতে ২/৩
বছৰৰ মূৰত কল দিয়ে। কল দিয়াৰ সময়ত মূৰৰ পৰা ফুল ওলাই ফল দিয়ে। ইয়াক ‘কলডিল’ বোলে। কলডিলত তৰপে তৰপে আখি আখিকৈ কেইবা
আখিও কল থাকে। একো আখি কলত কেইবাটাও কল থাকে। কল পূৰঠ হবলৈ প্ৰায় ৩/৪ মাহ মান সময়
লাগে। কেঁচা অৱস্থাত কলৰ ৰং সেউজীয়া, পকিলে হালধীয়া। হয়।
ৰোৱা
প্ৰণালীঃ- কল গছ সকলো
ঠাইতে ৰূব পাৰি। কিন্তু পাহৰুৱা ওখ মাটি কল গছৰ বাবে বেছি উপযোগী। সাধাৰণতে আহিন,
কাতি আৰু আঘোন মাহত কল গছ ৰুব লাগে। কল গছৰ গুৰিৰে ও লোৱা পুলি
উঘালি নি গাত খান্দ কল ৰুব লাগে।
প্ৰকাৰঃ- কল নানা জাতৰ আছে। যেনেঃ- আঠীয়া,
মনোহৰ, পুৰা, জাহীজী, মালভোগ, চেনিচম্পা, মনুয়া আদি।
লবা
লগা যত্নঃ- কল গছৰ বাবে বিশেষ
যত্ন লব নালাগে। ইয়াৰ খেতিৰ বাবে মাটি চহাব নালাগে। মাত্ৰ মাহেকে পষেকে তলিবোৰ
চাফ-চিকুণ কৰিব লাগে। বেলেগ বেলেগ জাতৰ কলত বেলেগ বেলেগ সাৰ দিব লাগে। কলত সাৰ
দিয়া সম্বন্ধে এষাৰ কথা আছে। “আঠীয়াত গোবৰ, মনোহৰত জাবৰ, পুৰাত খই,
মালভোগত ছাই”।
উপকাৰিতাঃ- কল আমাৰ বৰ উপকাৰী উদ্ভিদ। কলৰ
সোৱাদ মিঠা আৰু ই পুষ্টিকৰ খাদ্য। ই দেৱকাৰ্য্য আৰু পিতৃ কাৰ্য্যত লাগে। কল
পুলি আৰু কলৰ আঞ্জা খায়। কলগছ শুকাই পুৰি কলখাৰ কৰে। এই খাৰ আঞ্জা
ৰান্ধত আৰু কাপোৰ ধোৱাত ব্যৱহাৰ হয়। ভীম কল ল’ৰা- ছোৱালীৰ
পুষ্টিকৰ আহাৰ। ইয়াক বেচি বহু ধন উপাৰ্জন কৰিব পাৰি। মুঠতে কলৰ কোনো অংশ পেলনীয়া
নহয়। কল গছৰ বিষয়ে ডাক পুৰুষে এষাৰ কথা কৈ গৈছে—
তিনিশ ষাঠী জোপা কৰা কল।
মাহেকে পষেকে চিকুনাবা তল॥
পাত পচলা লাভত খাবা।
লঙ্কাৰ বনিজ ঘৰতে পাবা॥
ডাক পুৰুষৰ এইষাৰ কথা মনত ৰাখি মানুহে কল খেতি কৰিবলৈ লাভৱান হব পাৰে।
# Essay on Banana Tree in Assamese || Kalgas Rachana || কলগছ ৰচনা
No comments:
Post a Comment
Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।