Essay on Elephant in Assamese || Hathi Rachana || হাতী ৰচনা - EduAssam.in - Assamese Grammar, Assamese Essay, Assam History, GK and Learn English in Assamese.

Post Top Ad

Thursday, June 25, 2020

Essay on Elephant in Assamese || Hathi Rachana || হাতী ৰচনা

পৰিচয়ঃ- হাতী এবিধ পোহনীয় জন্তু। জন্তুৰ ভিতৰত হাতীয়ে আটাইতকৈ ডাঙৰ জীৱ। ১০০/ ১২০ বছৰলৈ জীয়াই থাকে। হাতীয়ে দীঘে ৬/৭ হাত আৰু ওখই ৮/৯ হাত মান হয়। গাটো টান খহটা চালেৰে আগুৰা। ছালত পাতল ঠৰঙা নোম আছে। মতা হাতীক মখনা আৰু মাইকী হাতীক মাখুন্দী বোলে।


অঙ্গ-প্ৰত্যঙ্গঃ- হাতীৰ মুৰটো ডাঙৰ। হাতীৰ কাণ দুখন কুলাৰ নিচিনা। শৰীৰৰ তুলনাত চকু দুটা সৰু। ডিঙি চুটি, সেই কাৰণে হাতীয়ে পিছলৈ ঘুৰি চাব নোৱাৰে। ভৰি চাৰিখন দীঘল আৰু শকত। প্ৰত্যেক ভৰিত পাঁচটাকৈ নখ আছে। ঠেঙৰ তলুৱা সোপোকা। হাতীৰ এডাল শুৰ আছে। শুৰৰ আগত দুটা বিন্ধা আছে। সেয়ে তাৰ নাক। হাতীৰ দাত দুটা ডাঙৰ । নেজৰ মূৰত ঠৰঙা-পালত কিন্তু ধীঘল একোঠা নোম আছে।

প্ৰকাৰঃ- হাতী সাধাৰণতে তিনি প্ৰকাৰৰ- দঁতাল, মখনা আৰু চিবন হাতী। মতা আৰু মাইকী ভেদে হাতী দুই প্ৰকাৰৰ। মতা হাতীৰ দাঁত আছে।

বাসস্থানঃ- ভাৰত, ব্ৰহ্মদেশ, শ্যামদেশ আৰু আফ্ৰিকাৰ হাবিত হাতী পোৱা যায়। হাতী ১২০ বছৰৈ জীয়াই থাকে।

বৰণঃ- হাতীৰ বৰণ প্ৰায কলা। ব্ৰহ্মদেশৰ হাবিত বগা হাতীও আছে। কিন্তু ইয়াৰ সংখ্যা একেবাৰে কম।

খাদ্যঃ- হাতী তৃণভোজী প্ৰাণী। কলগছ আৰু কুঁহিয়াৰ ইয়াৰ প্ৰিয় আহাৰ। গছ-গছনিৰ ডাল পাতো খায়। ইয়াক দিনে কেইবা কুইণ্টল ওজনৰ খাদ্য লাগে। হাতীয়ে সকলো খোৱা বস্তুকে শুঁৰেৰে তুলি মুখৰ ভিতৰত সুমাই দিয়ে।

স্বভাৱঃ- হাতী শান্ত প্ৰাণী। বনৰীয়া অৱস্থাত হাতী বৰ দুৰ্দ্দান্ত প্ৰকৃতিৰ। ই দল বান্ধি থাকি ভাল পায়। এটা মতা দঁতাল হাতী দলৰ দলপতি হয়। সেই দলৰ দলপতিৰ ইঙ্গিত মতে সকলোৱে চলে। এচিয়া মহাদেশৰ হাতীয়ে সোনকালে পোহ মানে কিন্তু আফ্ৰিকা মহাদেশৰ হাতীয়ে সোনকালে পোহ নামানে। আমাৰ দেশৰ হাতীতকৈ আফ্ৰিকাৰ হাতী ডাঙৰ। বনৰীয়া হাতী ধৰি আমি পোহ মনাও। তেতিয়া ই বৰ নিৰ্জু আৰু শান্ত প্ৰকৃতিৰ হয়। খোজ কাঢ়োতে অলপো শব্দ নহয়হাতীৰ দৃষ্টি বৰ চোকা। কোনোবাই তাক অনিষ্ট কৰিলে সি বহু দিনলৈ মনত ৰাখে আৰু সুবিধা পালে তাৰ প্ৰতিশোধ লয়। মাইকী হাতীয়ে প্ৰায় ৪/৫ বছৰ মূৰত এটা পোৱালি দিয়ে। পোৱালিক বৰ মৰম কৰে।

উপকাৰিতিঃ- পোহনীয়া হাতীয়ে মানুহৰ বৰ উপকাৰ কৰে। হাতীৰ সহায়ত গধুৰ বস্তু অনা নিয়া কৰা হয়। আগৰ দিনত হাতীৰ পিঠিত উঠি যুদ্ধও কৰিছিল। শোভা যাত্ৰাত আদিত হাতীয়ে শোভা বৃদ্ধিও কৰে। পোহনীয়া হাতীৰ সহায়ত বনৰীয়া হাতী ধৰা হয়। চিকাৰ কৰিবলৈ হাতী ব্যৱহাৰ কৰা হয়। চাৰ্কাচত হাতীৰ খেল দেখুৱায়, হাতীৰ দাঁত বৰ মূল্যবান বস্তু । হাতীৰ দাঁতেৰে নানা অলংকাৰ দৈয়াৰ কৰা হয়। হাতী বেচি বহু ধন উপাৰ্জন কৰিব পাৰি। হাতী আমাৰ অৱশ্যকীয় আৰু মূল্যৱান সম্পদ।


# Essay on Elephant in Assamese || Hathi Rachana || হাতী ৰচনা

No comments:

Post a Comment

Do not Enter Spam Link/ কমেণ্টত কোনো ধৰণৰ লিংক ব্যৱহাৰ নকৰিব। গুণমান মন্তব্য প্ৰকাশ কৰিব।

Post Top Ad